বসন্তৰ মতলীয়া ৰূপ

বসন্তৰ বতাহত
অৰণ্যৰ মায়াৱী ৰূপ
কুলিৰ সোৱদী মাত
বতাহত উৰি ফুৰে
সৰি পৰা পাতৰ
ঠিকনা বিহীন ভাৱ
অৰণ্যৰ মায়াৱী ৰূপ
হৈ পৰিল ৰহস্যময়ী
হেজাৰ সৰি পৰা পাতৰ
খেলি মেলি
কাণ পাতি শুনো মই
বনৰীয়া গতি বিধি
পাতৰ খৰখৰনিত
এটি ছন্দৰ গতি
নীলা আকাশৰ প্ৰতিটি ভাবত
ফুটি উঠিছে
বসন্তৰ মতলীয়া ৰূপ