অন্তৰত উগুল থুগুল ভাৱৰ খেলি মেলি

দুবৰীৰ বুকুত
নিয়ৰৰ টোপালবোৰত
জ্বিলিকি উঠিল পূৱাৰ সূৰূয
নিঃশব্দে সৰি পৰিল 
নিয়ৰৰ টোপাবোৰ
শেৱালীৰ মৃদু পৰশত
হেৰাই '  
মায়াৱী জ্বিলিকনি
শূণ্যতাৰ দৃষ্টিত আবদ্ধ
দূৰ দিগন্ত
 নীল আকাশত 
উচুপী উঠিছিল নিৰৱে হৃদয়
স্মৃতিবোৰে গাইছিল দুখৰ গান
সোঁৱৰনীৰ ক্লান্ত অনুভৱ
এটি দীঘলিয়া উজাগৰি ৰাতি
অন্তৰত উগুল থুগুল ভাৱৰ খেলি মেলি
ৰিণি ৰিণি মনত পৰে 
হৃদয়ৰ কোণে কোণে
 এক সঙ্গীতৰ তাল     
উপচি পৰে চকুপানীৰ ঢল
চিকমিক কৰিছে লুইতৰ বালি 
 চেনেহৰ সঁফুৰাত
প্রিয়তমাৰ ছবি
হৃদয়ত বাঁহী বাজি উঠে 
কৰুণ বিৰহৰ গীত