জীৱনৰ সত্য জানো এনেকোৱা


শব্দৰ নিৱীৰ পৰশ
আৰু
বাস্তবতাৰ প্রকৃত ৰূপ
সুগন্ধী পোৱতী নিশাৰ
নিয়ৰৰ দলিচা
কিন্তু
জীৱনৰ সত্য জানো এনেকোৱা
সূৰ্যোদয় কিহৰ বাবে
বৰষুনৰ মৃদু পৰশ
কিহৰ বাবে
আমি যিবিলাক কথা কওঁ
অন্তৰৰ গভীৰতা টোৱাই
দৈনন্দিন জীৱ বধ
আমাৰ তৃপ্তীৰ
অন্য এটি দিশ
কিয় আমি নকওঁ
বৰ্ণনা কৰি
কওঁ মাথো
আমাৰ সোৱাদ আৰু
স্বাদৰ কথা
আমি জানো ভাবিছো কেতিয়াবা
প্রতিটো জীৱৰ
নিজস্ব এটি সপোন আছে
জীয়াই থকাৰ
আমাৰ তৃপ্তিৰ বাবে
কাৰোবাৰ আত্ম বলিদান
হয় জানো গ্রহনীয়
নহয় জানো ই
আন এটি জীৱনৰ মহাপ্রলয়