তুলিকাত স্পন্দন উঠিল

সুদৰ্শন অমিতাভ আলোক পুঞ্জৰ
প্ৰাণময় সৃষ্টিৰ বিচিত্ৰ লীলা
দৃশ্যমান স্থিতিত বিস্তৃত ভাস্কৰ্য্য
বিস্তৃত এটি আনন্দৰ সঙ্গীত
পূৱতী নিশাৰ নিয়ঁৰৰ অবুজ মায়া
এটি অনুভূতিৰ সুমধুৰ আলিংগন
এবুকু বোৱতী ঢল
সেউজৰ প্ৰতিটো পলত
হৃদয় হেৰাই সুৰৰ মূৰ্চ্ছনাত
অবুজন বাঁহীৰ সুৰত প্রেমৰ আকুলতা
শোভিত ৰূপৰ অপূৰ্ব্ব চমক
এটি তৃপ্তিৰ হাঁহিত
তুলিকাত স্পন্দন উঠিল
এজাক মলয়া বতাহে শৰীৰ শীতল কৰি
শিলৰ বুকুত প্রাণ ঢালি
বোৱালে এটি প্রেমৰ নিজৰা