মোৰ জীৱনৰ আধাৰ

এটি ৰূপ ভৱিষ্যতৰ
অতীতৰ মাজেদি
ভাঁহি আহে
নৱলোকৰ পোহৰৰ গান
ৰিণি ৰিণি শুনো
সঙ্গীতৰ প্ৰতিধ্বনি
মই শিল্পী
বুকুত সিঁচি লওঁ
ৰক্তিম উজ্জ্বলতাৰ
শান্তিৰ নিজৰা
আন্ধাৰ পথাৰবোৰত
সঙ্গীতৰ মাজেদি
জ্বলাওঁ শলিতা সোণোৱালী সৃষ্টিৰ
আন্ধাৰ বুৰ যায়
সঙ্গীতৰ শলিতাৰ পোহৰত
জীৱনত উক দিয়া ধোঁৱাবোৰৰ
অন্তিম প্ৰতিধ্বনি
শেষ হ’ল অন্ধকাৰত
মোৰ সৃষ্টিৰ অপূৰ্ব্ব ধাৰা
হৃদয়ত  জ্বলাওঁ
সৌন্দৰ্য্যৰ এটি ৰূপ
মোৰ জীৱনৰ আধাৰ