উজ্জ্বল আশাৰ চঞ্চল মন

কবিতাৰ মিঠা 'দৰ সপোন আকাশ চুব খোজা
উজ্জ্বল আশাৰ চঞ্চল মন
সপোনৰ কোমল মলয়া
কুৱলীৰ মধুময় ৰূপ
বতাহত আন্দোলিত পাতৰ দৰে ঠিকনা বিহীন ভাৱ
ৰাঙলী অৰণ্যৰ লুকাভাকু
বসন্তৰ বতাহত  কুলিৰ সোৱদী মাত
জীৱনে গঢ্ লয় সেউজী বতাহৰ বাত
কুৱলীৰ মায়াৱী ৰূপত
ৰহস্যময় ভাৱে নিৰূদ্দেশ মোৰ শৰীৰৰ ছায়া
এটি -জন্ম আত্মাৰ অশৰীৰী ৰূপ