এটি প্ৰতিবিম্ব জীয়াই ৰাখিছো

এটি  প্ৰতিবিম্ব,
জীয়াই ৰাখিছো মই
সপোন বৃত্তৰ ভিতৰত টা আবেগ
টি অনুভৱৰ মাজত সময় সীমা অনুভৱ নাছিল
অপেক্ষা কৰিছিলো

বিগলিত মমতাৰ এটা সুতীব্ৰ আবেগ
সৰো সৰোকৈ থকা চকুপানী
সংবেদনশীল হৃদয় নি:সঙ্গতা

সুৰব ব্যঞ্জনা অনুৰক্ত হৃদয়
গতিশীল ভাৱনাৰ মায়াজাল
শব্দহীন হুমুনিয়াহ

থমকি ৰ’ল অতীত
এটি গধুৰ যন্ত্ৰনাৰ ভাবলেশহীন আবেগ

এটি বিষাদৰ হিমচেচা শীতলতা
সপোন এটাই উচূপি উঠিছে
উজাগৰি ৰাতিৰ নিসংগতা
অনুভূতিৰ ভাষা বিষাদৰ

স্মৃতিৰ অবুজ বিষাদ 
বেদনাৰ নিসংগ ডাৱৰত

টি মাথো আশ্ৰয়ৰ বেদন
যত্নতে সাঁছি ৰাখিছো মোৰ সোঁৱৰণীত
এটি প্ৰতিবিম্ব সপোন বৃত্তৰ ভিতৰত