সেউজীয়া পাহাৰৰ প্রাণ

তই ভালে আছনে
আগৰ দৰে
পাহাৰত বাজেনে
চিফুংৰ সেই সুৰটি
জুৰিটিৰ পানীত
তহঁতে আহি ধেমালি কৰনে
সেউজীয়া পাহাৰত
বৰষুণত তিতি
চিফুংৰ সুৰত নাচনে জোনাকত
জুৰিত মাছ মাৰিবলৈ যাওঁতে
মোক নিবলৈ পাহৰি নাজাবি
মইওঁ যাম  তোৰ লগত
কথা দিলো
এইবাৰ বিহুত
তোৰ লগত একেলগে
যাম হুঁচৰি মাৰিবলৈ