এটি নীলা সপোন


শুকুলা ডাৱৰ আৰু এটি সেউজীয়া অনুৰাগ
মৃদু ধ্বনি শংখ ঘন্টাৰ
দূৰণীৰ পাহাৰটিলৈ চালো
জীৱনৰ ৰং নিগৰিছে নিজৰাৰ কোমল বুকুয়েদি
ৰূপৱতী শুভ্র সদ্যস্নাতা
বুকুত জাগি উঠিল চেতনা
এটি নীলা সপোনৰ
গোলপীয়া কামনাৰ জোনাকে
নিৰলে নিজানে
ফুলালেহি এটি সপোন
বুকু বিয়পাই
ভৰি পৰিল মোৰ আকুল হিয়া
ৰৈ আছো
দূৰৈত জ্বিলিকি
শোৱণশিৰিৰ নীল আকাশত
মোৰ প্রেমৰ শুভ্র নিজৰা