ফুলনিত নাচিছিল
এটি বলিয়া ভোমোৰা
উৰি ফুৰিছিল
ফুলৰ মৌ চুঁহি চুঁহি
ফুল পাঁহিটিয়ে কলে
নীলাভ ভ্রমৰ
তোমাৰ কঠিন ভৰিৰ খোজে
মোৰ কোমল শৰীৰত
বেদনা দিয়ে
ফুলৰ পাঁহিৰ দুখত
দুখি হ’ল ভোমোৰা
ফুল পাঁহিৰ
কাণে কণে কলে
দুখি নহবা বান্ধৈ
তোমাৰ অমৃত পান কৰি
আনন্দত গীত গাঁও মই
তোমাৰেই গুণ গায় ফুৰো মই
দেশে বিদেশে পাহাৰে ভৈয়ামে
তোমাৰ মিঠা ৰসৰ সোৱাদ
মৌ মাখিয়ে জগতক দিয়ে
দুখ পাহৰি ফুল পাঁহিটিয়ে
ভ্রমৰৰ লগে লগে
বতাহত হালি জালি
নাচি উঠিল আনন্দত