জীৱন পথত তোমাৰ সন্ধানত

এটি সজীৱ স্পন্দন
অনুভৱ তোমাৰেই
মুক্ত কন্ঠেৰে চিঞঁৰি চিঞঁৰি
ঘুৰি ফুৰিছো
সীমাৰ প্ৰান্তে প্ৰান্তে

হৃদয়ত জাগি উঠিছে
এটি চিনাকি সুৰ
জীৱনৰ আসে পাশে

জীৱন পথত তোমাৰ সন্ধানত
আকাংক্ষাৰ স্পন্দনে
খেলিছে ক্ষনে ক্ষনে

উত্তাল এক অনুভুতিৰ
 নুবুজা মাদকতাত
অহৰহ অনুভৱ কৰো
তোমাৰেই সজীৱ স্পন্দন