নিদ্রাদেৱী তোমাক প্রণাম

মাজ নিশা আকাশত তৰাৰ জিলমিল
লুইতৰ বুকুত তাৰেই চিকমিকনি
লুইতৰ পাৰত বহি আছো
অকলশৰে মই
নিস্তব্দ নিতাল শান্তিময়
নাই চিৎকাৰ নাই কোলাহল
বুভূক্ষ্য জনতাৰ নাই হাহাকৰ
নিদ্রাদেৱী তোমাক প্রণাম
তোমাৰ কোমল পৰশত
সৃষ্টি এই শান্তিৰ
অনুভৱ কৰিছো
এক শীতল প্রশান্তি