স্বতঃস্ফূর্ত অনুভূতিৰ কল্পদৃষ্টি

নিশব্দ সামৰনি
অন্তৰাত্মাৰ আলোৰন
আত্মতৃপ্তিৰ প্রচণ্ড প্ৰবাহত
মহাজাগতিক শক্তিৰ
উদ্গীৰিত দীপ্তি
স্বতঃস্ফূর্ত অনুভূতিৰ কল্পদৃষ্টিয়ে
ভিন্নতাৰ পৰিধি নামানে
বিশ্বজনীন আনন্দৰ
দীপ্ত প্ৰকাশে
মহাজাগতিক শক্তিৰ
ঊজ্জ্বলতা আনে
অন্তৰীক্ষৰ নীলিম আভাত
লালসাৰ অন্তিম প্ৰজ্জ্বলন ঘটে
চৈতন্য শক্তিৰ সৃষ্টিৰ ধাৰনাৰে
অন্তৰাত্মাত জীৱন জ্যোতিৰ
আনন্দৰ নিশব্দ
আলোৰন ঘটে