আদ্র দেহৰ ঘৰ্মাক্ত বুকু

অনুভূতিৰ দুৱাৰ খুলি
এচাটি মৃদু মলয়াৰ আশাত
বহি আছো চোতালৰ এচুকত
শুকান বতাহজাকে উৰুয়াই নিয়ে
নাচি উঠে গছৰ ডাল পাত
দুপৰৰ এই নিজান প্রহৰত
আদ্র দেহৰ ঘৰ্মাক্ত বুকু
ৰ'দৰ সতে হাত ধৰি
কৰ পৰা জানো উৰি আহিল
এজাক ধূলি
মৌনতাৰ স্তব্দতা ভাঙি
উত্তপ্ত এটি অনুভূতিয়ে বুকুত খূন্দিয়াই
মনৰ মাজত তোলপাৰ লগোৱা
ঢৌবোৰৰ ছন্দহীন গতি
কঁপি উঠে মন
আন্দোলিত মোৰ আঙুলি
খহি পৰিছিল এটি এটি কৰি
হাতত লৈ থকা ফুলৰ পাহি