ধূই নিকা কৰিলে বিষাদ

ৰজনী আহিব কুঁৱলী ফালি
সময় সীমাৰ 
দূৰত্ত অতিক্রম কৰি

শেৱালীৰ সুবাস লৈ
বাজি উঠিব
ব্ৰহ্মাণ্ড-সঙ্গীত

এটি চিৰ নতুন সত্য সৃষ্টিৰ
নাও মেলি
আগুৱাই যাব সময়
দিগন্তৰ সীমা বিছাৰি

বিশাল মহাশূন্য
মনত চিনাকি ভাবনাৰ খেল 
অনুভূতিৰ এক সাথঁৰ
এখনি বোৱতী নৈ

মৃদু মৃলয়াৰ দৰে গতি
আবেগৰ চেঁচা বতাহ
সৃষ্টিৰ আদিম ৰহস্য

তাতে ঘন কুৱঁলীৰ চাদৰ
পোহৰ আৰু ধূসৰ ছাঁয়াৰ

এটি গীতৰ কলি
বাঁহীত বাজি উঠা সুৰ 

উৰি ফুৰে সময়
দুখ আৰু আঘাত 
এফেৰি পোহৰত
আতৰি পলায়

এমুঠী জিয়া আবেগত
নাচি উঠে মন

নীল আকাশৰ
দুবাহু মেলা হাত
স্পষ্ট এটি উপস্থিতি
ধূই নিকা কৰিলে বিষাদ