অন্তৰ উপচি পৰে











ঢোল পেঁপা গগনাৰ মাতে
এটি শিহঁৰণ আনে শৰীৰত

য়ে জানো  কিজানি
বহাগৰ বতৰা 

অন্তৰ উপচি পৰে
এটি আদিম বণ্যতাত
কিয় বাৰু
হয়তো ঋতুৰ প্রভাৱ

মনে বিছাৰে আনন্দ
আৰু এটি বনৰীয়া সুখ

অকল আমিয়েই জানো
একেটি প্রাণী

প্রকৃতিৰ প্রতিটো পলত
প্রতিটো জীৱৰ
গতি বিধিত ফুটি উঠে
এই ঋতুৰ লক্ষণ

কিয় বাৰু
সৃষ্টি কৰ্ত্তাৰ
আশ্চৰ্য্য নিয়ম