শৰীৰত প্ৰবাহমান শীতল সোঁত
বিকৃত চিন্তা মনৰ
তুচ্চ জীৱন
সময় যেন ৰৈ গৈছে
আবদ্ধ হৈ ৰলো
এটা অজান আশংকাত
বুকুখন কঁপি উঠিছিল
নিস্তব্দ পৰিবেশ শ্বাসৰূদ্ধকৰ
ওপঙি ফুৰিছে মন দিহিঙে-দিপাঙে
উমানতে পাওঁ গম চকুত পানী
শূন্যতাৰে ভৰা বুকু
উপায় বিহীন যাযাবৰ মই
নিঃশব্দে জ্বলে
ধিমিত ধামাক পোহৰ
দুখবোৰে হেঁচা মাৰি ধৰে
বাঁহীত বিৰহৰ সুৰ ফুটি উঠে
সুস্পষ্ট নহয় মোৰ দৃষ্টি
এটা অচিন জাৰত কঁপি উঠিলো
ভাৱ হৈছিল এক অশৰীৰি আত্মাই
মোৰ ওচৰে পাজৰে ঘূৰি ফূৰিছে
শংকিত আৰু চিন্তিত হৈ পৰিছিলো মই
কিছু সময় নিঠৰ হৈ ৰলো
সময়ৰ জ্ঞ্যান মোৰ হেৰাই গ’ল
সৃষ্টিৰ আদিম সত্বা জাগি উঠিল
অন্তঃকৰণৰ আত্মানুসন্ধানত ব্ৰতি হলো
অনুধাৱন কৰিবলৈ চেষ্টা কৰিলো
অনাসক্ত চিত্তেৰে
উপলব্ধি হল আত্মাৰ
অনভব এক নৈসৰ্গিক উপস্থিতি
বিগলিত সুৰভিত বিকশিত
দৃশ্যমান উজ্জ্বল জ্যোতিৰ
অনুভূতিৰ এক নিৰ্ম্মল আবেশ
বৈ যোৱা এক উত্তাল তৰংগৰ ঢৌ
শৰীৰৰ প্ৰতিটো বিন্দুত
উপলব্ধিৰ প্ৰেমময় অনুভূতিত
জীৱন সফলতাৰ আনন্দত
সপোনৰ মায়াজাল আতৰি গ’ল।