এটি সেউজীয়া অনুৰাগ

এটি বলিয়া ভোমোৰা
উৰি ফুৰে
উৰি ফুৰে হৃদয়ত ৰাগ হৈ
হেঙুলি বেলিটিলৈ চাই
কৰো সুন্দৰৰ আৰাধনা
ফুলে পাতে স্নিগ্দ্ধ প্রেমৰ বতৰা
জাগি উঠিল চেতনা
পমি গল হৃদয়
ভৰি পৰিল মোৰ আকুল হিয়া
ভাৱ মোৰ বহুমুখী হ
চাওঁতে চাওঁতে উপচি পৰিল হৃদয়
এটি সেউজীয়া অনুৰাগ
এটি নুবুজা সাথৰ
অনুভৱ কৰিলো তোমাৰ উপস্থিতি
উৰি ফুৰিছো এক সপোন ৰাজ্যত
পাৰ্থিৱ সুন্দৰতাই প্রেৰণা দিলে
বিস্মৃতিৰ গহ্বৰত হেৰাই গৈছিল মন
বাজি উঠিল মৃদু শব্দেৰে
শংখ ঘ্ণ্টাৰ ধবনি
ৰই গল মন হেঙুলি বেলিটিলৈ চাই ।।