ভৱিষ্যত সৌন্দৰ্য্যৰ এটি ৰূপ


ৰিণি ৰিণি শুনো
অতীতৰ মাজেদি
নৱলোকৰ পোহৰৰ গান
আন্ধাৰ পথাৰবোৰত
অন্তিম প্ৰতিধ্বনিৰ
উক দিয়া ধোঁৱাবোৰে
মোৰ জীৱনৰ
শান্তিৰ শূন্যতা হৈ
বুৰ গ’ল অন্ধকাৰত
ৰক্তিম উজ্জ্বলতাৰ
সঙ্গীতৰ প্ৰতিধ্বনি
বৰ্ত্তমানৰ সৃষ্টিৰ শলিতা
মই শিল্পী
সঙ্গীতৰ মাজেদি
বুকুত সিঁচি লওঁ
সংস্কৃতিৰ অপূৰ্ব্ব ধাৰা
হৃদয়ত  জ্বলাওঁ
ভৱিষ্যত  সৌন্দৰ্য্যৰ এটি ৰূপ
হৃদয়ৰ পাত্র
এটি দেৱী গীত
শেষ হ’ল অন্ধকাৰ
হৃদয়ত শলিতা জ্বলাওঁ
সোণোৱালী সৃষ্টিৰ