এক সন্মোহনি মায়াত আৱদ্ধ
কোনো এক নিজম পৰত আবেগৰ এক সুগভীৰ আবেদন
কণ্ঠস্বৰ কঁপিছিল নিঃশব্দ
দীঘল উকিৰে
উদভ্রান্ত কল্পনাৰ নুবুজা
ভাষাৰ ঢৌবোৰত সময়ৰ নিথৰ মূহুৰ্ত
নিৰল সন্ধিয়াৰ চিকোণ বুকুত ক্ষণ গনি আছো মেৰু প্রান্তত
দিগন্তৰ আকাশত ৰাঙলী আভা
তেজৰ স্পন্দণত বৈছে বিষাদৰ
নৈ
গোপনে বুকুত আবৰি ধৰি মোৰ স্বপ্নৰ পাপৰি
বুকুত জ্বলে মোৰ অনুভৱ
তেজত প্ৰতিবাদ
দুহাতেৰে মচি থিয় দিয়ে
দুখ
জীৱন মৃত্যুৰ সন্ধিক্ষণত
খণ্ড-খণ্ড কৰি তুলে আবেগৰ তন্ময়
মোৰ অনুভৱে অনুভৱে জুই
জ্বলে
সময় গৰ্জি উঠে
বিপন্ন শৰীৰৰ তীব্র
প্ৰতিবাদ
সৰি পৰা মোৰ স্বপ্নৰ পাপৰি নিঃশব্দে হাতৰ তলুৱাত লৈ
শুনো তেজৰ সোঁতত এক শোভাযাত্ৰাৰ ধ্বনি