জীৱনৰ আত বিছাৰি


উন্মাদ চঞ্চল জীৱন
বুকুত তীব্র কালৰ সোঁত
বুজিও নুবুজা ভৰা নদীত
লুকা ভাকু আকশী গংগাৰ
বিবেকৰ চাকনৈয়াত পৰি
অনুভৱ কৰিব বিচাৰিছো
স্মৃতিৰ কোঠাবোৰৰ
যন্ত্রনা আৰু প্রেমৰ প্রতিপল
ঘাট প্রতিঘাত আৰু প্রত্যাখ্যান
উৎকন্ঠা আত্মানুসন্ধানৰ
লুইতৰ বুকুত উটি ভাহিঁ যোৱা
নাওখনি প্রবাহমান
কালৰ গতিত
আঘাতেৰে জৰ্জিৰত্
প্রাণটো সাৱতি
থমকি ৰৈছো পাৰত
জীৱনৰ আত বিছাৰি