প্রেমৰ অনুভূতি


হৃদয়ৰ আশ্রয় ছায়াৰ দৰে
আবেগত সোনোৱালী মঞ্চ
হৃদয় সংগীত অস্পষ্ট
অনুভব জীৱন বসন্ত
শব্দৰ তন্ময়ত বাঁহীৰ মাত
বিষণ্ণ হৃদয় হয় দিকহাৰা
ত্তা বাজে এটি ৰাগ
সৃষ্টি এটি কৌতূহলী অস্থিৰতা
নদীত ভাঁহে তুলুঙা নাও
এটি অনুভূতি ৰহস্যৰ
প্রেমৰ সুগন্ধৰক্তিম প্রভা
হৃদয়ৰ অৰ্থ
যৌৱনৰ ৰঙীন উপস্থিতি
প্রাণ হৰে কাব্য কাননত
নতুন ভাষা আৰূ অপূৰ্ব্ব সঙ্গীত
নিঃশব্দ মিচিকিয়া হাঁহি
হৃদয়ত  জ্বলে ৰক্তিম উজ্জ্বলতা
উপচাই পোহৰৰ ধল
অপূৰ্ব সংগীত
বাঁহী বাজে প্রেমিক হিয়াত
উৰি যায় মন
নিঃশব্দ পখিলাৰ গতি