হেঁপাহৰ নতুন পোহৰ

ৰুক্ষ্য বতাহজাকে
মনৰ মাজত খেলি মেলি কৰি
স্মৃতিৰ ভৰালৰ খিৰিকি খুলি
কঢ়িয়াই লৈ আহিল
অজস্র ধূলিৰ ধুমুহা
অন্ধৰদৰে খেপিয়াই ফুৰিলো
মুক্তিৰ পথ বিচাৰি
ধূলিৰে ভৰি থকা
স্মৃতিৰ ভৰালত
ৰুক্ষ্য হলেও 
মুক্ত বতাহৰ পৰশত
সেমেকি যোৱা স্মৃতিবোৰ
জ্বিলিকি উঠিল তৰাৰ দৰে
বহুদিন ৰূদ্ধ হৈ থকা উশাহটিয়ে
আজি প্রাণ ভৰি উশাহ ললে
হেঁপাহৰ নতুন পোহৰ পাই ।।