বানপানীৰ সেই দিনবোৰ

তুমি আছিলা মইওঁ আছিলো
বতাহ বৰষুন আৰু
বানপানীৰ সেই দিনবোৰ
যেতিয়া ডুব গৈছিল 
আমাৰ আশাবোৰ আৰু সপোনবোৰ
পলসে ঢাকি যোৱা গাওখন
আৰু নিঠৰুৱা এজাক মানুহ
ভোক পিয়াহ আৰু লগৰীয়া বেমাৰবোৰ
শিশুৰ আৰ্তনাদ
জীৱন মৃত্যুৰ সন্ধিক্ষণত
বুকু ভগা কান্দোনৰ হাহাকাৰ
নি:শব্দ নিজান নিশাবোৰত
জোনাক ওলাইছিল তেতিয়া যদিওঁ
আমাৰ জীৱনবোৰ আছিল
অমাবষ্যাৰ আন্ধাৰে আৱৰা
পৃথিৱী জানো সলনি হ'ল
একেইটো আছে
সলনি হ'লো
তুমি মই আৰু আমিবোৰ
বাৰিষাই পুতি যোৱা গাওবোৰত
আকৌ গঢ়ি উঠিল জীৱন
আকৌ বাৰিষা আহিল
চলি আছে এনেদৰেই জীৱন