মহাৰণ্যৰ স্নিগ্ধতা

মোৰ সপোনৰ মায়াজাল সৰি পৰিল
মহাৰণ্যৰ স্নিগ্ধতাত
জাগি উঠিছিল মনৰ মাজত
এটি স্নিগ্ধ সুৰ
এটি তী্ব্র ৰাগৰ
অনুভৱ ভাহি আহিল বতাহত
নিৰীহ জীৱ জন্তুৰ
ভয়াৰ্ত আৰ্তনাদ
আৰু কৰুন কান্দোন
মুগ্ধ মোৰ সপোনৰ
মায়াজাল সৰি পৰিল
দূৰৈত দেখিলো
মহাৰণ্যত জুইৰ অগ্নি
তীব্র গতীত আগবাঢ়িছে
দেহৰ সমস্ত শক্তিৰে
প্রয়াস কৰিলো
কিাজানিবা এটি প্রাণ
বছাব পাৰো
নিস্ফল চেষ্টাত
পূৰি ছায় হৈ
মিলি গলো
এটি আ্ত্মা হৈ মহাৰণ্যৰ