সাগৰত ঢৌ উঠে

ধুমুহা বতাহৰ সৃষ্টি কৰি
কম্পিত কন্ঠেৰে গোৱা
অগনন জনতাৰ সমস্বৰৰ মিলিত সংগীত
গছ পাত পাহাৰে শিখৰে
প্রতিধ্বনিত হৈ বৈ আহে নিজৰাৰ বুকুয়েদি
প্লাবিত কৰে জন পথ
উদগ্র প্লাৱনৰ জোৱাৰত উটি ভাঁহি যায়
বেদনাগ্রস্থ প্রহৰবোৰ
সাগৰত ঢৌ উঠে উৰ্মীমালাৰ সৃষ্টি কৰি
নীল আকাশৰ বুকুভেদি