সৃষ্টি আবেগৰ খেলিমেলি

মুক্ত ধাৰা নীল আকাশৰ
দেৱলোকত সৃষ্টি এই স্থিতি

বাৰে বাৰে ৰিঙিয়াই মাতে
নীল আকাশে
সৃষ্টি আবেগৰ খেলিমেলি
মনৰ মাজত

থৰ লাগি চাওঁ এই বিশালতা
নিস্তব্ধ নিশাৰ তৰাৰ জিলমিলনি

বিষাদ কঢ়িয়াই কঢ়িয়াই
অনুভৱ কৰো
জোনাকৰ অনুপস্থিতি

মন মোৰ উৰণীয়া পখীলি
সংগী মৃদু মলয়া

কোনোবা দূৰ-দূৰণীত
ৰৈ আছে জীৱন

নিস্তব্ধ নিশা ৰাতি দুপৰৰ
মনে নামানে

উৰি যাব খোজে
নিজকে হেৰোৱাই

বিলীন হব খোজে
মুক্ত আকাশৰ
নীল বিশালতাত