তেওঁক এবাৰ লগ পোৱাৰ আশা কৰিছিলো

শুনিছিলো তেওঁ আহিব বুলি
নিঃশব্দে নিঃসাৰে
মইতো নাজানিলো তেওঁ আহি
গুছি গল বুলি
তেওঁক লগ পোৱাৰ মনত
বহুত আশা আছিল
কি কথা পাতিম
মই ভবা নাছিলো
মনলৈওঁ অহা নাছিল
তেওঁক এবাৰ লগ পোৱাৰ আশা কৰিছিলো
তেওঁক এবাৰ লগ পোৱাৰ ভাৱনাত
মোৰ বুকুত এটি আশাই
বহু দিনৰ পৰা খুন্দিয়াই আছিল
মোৰ অন্তৰৰ কথা তেওঁ নাজানিছিল
মোকো তেওঁ নাজানিছিল
তেওঁক এবাৰ লগ পোৱাৰ আশাই
মোৰ মনৰ কি অবস্থা কৰিছিল
তেওঁতো নাজানিছিল
তেওঁৰ লগত কি কথা পাতিম
ভবা নাছিলো মনলৈওঁ অহা নাছিল
তেওঁক লগ পালে মইনো কি কম
মোৰ দুৰবস্থা দেখি
তেওঁ দুখ পোৱাতো
মই বিচৰা নাছিলো
মই জানিছিলো তেওঁ অতি মৰমীয়াল বুলি
তেওঁৰ চকুত
কোনো দুখ দেখাৰ
মোৰ স্পৃহা নাছিল
মাথো এবাৰ ওচৰৰ পৰা তেওঁক
লগ পাব বিচাৰিছিলো
মন অলপ স্বাৰ্থপৰ হৈ উঠিল
তেওঁক লগ পোৱৰ আশালৈ
জীয়াই থকাৰ মধুৰতাখিনি
কিয় এৰি দিওঁ