হেঁপাহৰ ৰূপালী জোনাক

ঘনিষ্ঠ উত্তাপ
তেজঃদীপ্ত জীৱনধাৰাৰ
স্বপ্নৰ উদ্যানত
বুৰঞ্জীৰ আচোঁৰ
অভিজ্ঞতা দুখ আৰু আনন্দৰ
নিজস্ব অনুভৱ
বুকুৰ ভিতৰে-বাহিৰে
সীমিত সামৰ্থ্যত
গুচি যায় মন
যাদুকৰী সান্নিধ্যৰ সন্ধানত
মোৰ কবিতা
ঢলি পৰা দোমোজাৰ
ভাৱৰ খেলি মেলি
শব্দবোৰৰ অৰ্থ হয় বিপৰ্যস্ত
উপস্থিতি নিৰ্জন ছায়াৰ
সৃষ্টিৰ সুষমা শব্দবোৰৰ
আবিস্কাৰ প্ৰেমৰ গুণগুণ
অন্ধকাৰত জ্বলে
জোনাক ত্ৰস্ত ৰাত্রিৰ
জালিকটা সুৰুঙাৰে
বৈ আহে উদং বুকুৰ
হেঁপাহৰ ৰূপালী  জোনাক
শব্দবোৰৰ বুকুত সাৱটি