সংকীৰ্ণতাৰ চাকনৈয়াত


এটোপ দুটোপকৈ কঁপি উঠা সংশয়ৰ
সেমেকা সুগন্ধ বিয়পি পৰিছিল তৃষ্ণাতুৰ প্রানৰ প্রতিশ্রুতিত
সংকীৰ্ণতাৰ চাকনৈয়াত শিকলি চিঙি
জুই জ্বলি উঠিছিল দুচকুত
সতেজ অৰণ্যত উদ্গীৰিত এটি অজান বিষৰ
ধুমুহা বতাহে বুকুত কোবাই সামুচি ধৰিছিল
বৈ আহিছিল চকুপানী
বিপন্ন অন্তিম আশা
গভীৰ ভালপোৱাৰ অনুভৱে
হব খোজা এটি সপোনৰ মায়াজাল তৰি
আশা দিছিল মনত