কেনিনো যায় আগুয়াই

সময়ৰ লগত খোজ মিলাই
এইখন মানুহৰ দেশ
কেনিনো যায় আগুয়াই
মানৱতাৰ কোনো লেখ নাৰাখি
আগুয়াই যায় এইখন মানুহৰ দেশ
আজি এই আনন্দৰ মেহফিলত
মানুহৰ মাজত প্ৰভেদ কিয়
মিলা প্ৰীতিৰ কোনো যে 
চিনচাব নাই
এইখন মানুহৰ দেশ
কেনিনো যায় আগুয়াই
আমাৰ সমাজৰ নতুন পুৰূষৰ
গতি জানো কেনি যায়
ধুমুহা বতাহৰ দৰে
গতি সিঁহতৰ
সময়ৰ লগত খোজ মিলাই
যায় আগুয়াই
মৰমী হাতৰ পৰশৰ
কিয় জানো আজি কোনো 
মূল্য নাই
দেশৰ বাবে ই জানো স্বাস্থ্যকৰ 
সময়ৰ গতিত গৈ থকাতো
সময়ৰ প্ৰয়োজন
সেয়ে জানো মিলা প্ৰীতি
পাহৰি যোৱাটোত নিৰূপায়
ইতিহাসৰ পাতে পাতে
সময়ৰ গতিত গৈ থকা 
কাহিনীৰ জানো অভাব আছে
মিলা প্ৰীতিৰ যোগেদিয়েইটো 
সমাজক নিয়ে আগুয়াই
মৰমী হাতৰ পৰশৰ
কিয় জানো আজি কোনো 
মূল্য নাই
সময়ৰ লগত খোজ মিলাই
এইখন মানুহৰ দেশ
কেনিনো যায় আগুয়াই