নিজকে বিচাৰি

সহস্ৰ জীয়া মানুহৰ খোজৰ শব্দ
ভিৰৰ মাজত নিজকে বিচাৰি হাবাথুৰি খাওঁ 
কেনেকৈ হেৰালো মানুহৰ মাজত
অন্ধবিশ্বাসৰ বতাহ থেলি থেলি
ঢপলিয়াই ফুৰিছো বৈদ্যৰ সন্ধানত
বিসৰ্জন দিব খুজিছো নীল সাগৰৰ বুকুত
তথাপিও দেখোন হেঁপাহ নপলাই
ফিৰফৰিয়া এচাটি বতাহে মোৰ শশীৰ কঁপাই তুলিলে
এইবোৰ অনুভূতি কিয় আহিছে মোৰ সিৰাই সিৰাই
ঢিমিক ঢামাকৈ জ্বলি থকা টিপচাকি
নিজে নজনাকৈ নিজকে বিচাৰি
মানুহবোৰৰ খোজৰ শব্দৰ পিচে পিচে আগবাঢ়ি গলো