জাপ খাই আহে মোৰ চকু
বতাহত দোঁ খাই আহি
খণ্ড-খণ্ড কৰি তুলে
স্বপ্নৰ নিটোল দেহৰ ভৱিষ্যত্
মোৰ অনুভৱত মোৰ দুখ, মোৰ আনন্দ
ৰ'দ গৈ ঢলি পৰে সূৰ্য
ভাঙি পৰে আবেগৰ তন্ময়
আকাশৰ উখল মাখল ডাৱৰত
ছায়াৰ কোমল কৌতূহল
এন্ধাৰতে টোপনি ভাগিল
স্তব্ধতা ভাঙে প্ৰহৰীৰ সুহুৰিয়ে
মোৰ অনুভৱে অনুভৱে জুই জ্বলে
পুৰি ছাই কৰি নিব
স্বপ্নৰ উদ্যান জীৱনধাৰাৰ সুষমা
সময়ৰ ঘনিষ্ঠ নিঃসংগতাত
অভিজ্ঞতাৰ নিঠুৰ আচোঁৰ
তেজত সত্তাৰ বিপ্লৱ
হতাশাৰ গানত মূৰ্ত
নদ-নদী-পৰ্বতত চিত্ৰিত
নিৰ্বাসিত অৰ্থ
উদং শস্যৰ পথাৰ
সময় গৰ্জি উঠে
ফুলতকৈ কাঁইটেই ভাল
মোৰ কলিজাৰ তলাতল ভাঙি
পাখিলগা শব্দৰ সোণালী হাঁহি
বাজি উঠে এই শব্দবোৰত
বিপন্ন শৰীৰৰ তেজদীপ্ত প্ৰতিবাদ