সপোনৰ কোমল কৌতুহল

হৃদয়ৰ গভীৰত শুনো মোৰ ক্লান্ত শিৰাৰ স্পন্দনহীন গতি
নিজানে নিতালে দিনটি যাবগৈ
নিঃশব্দ নিশ্বাসৰ অস্পষ্ট সংলাপ
জুনুকাৰ জুনজুনিত ৰাংধালি চৰাইবোৰে
শিমলুৰ ৰঙা পাহিত
দুপৰৰ এই বননিত
গুনগুনাই শিমলুৰ  পাতত হেন্দোলনি তোলে
স্নায়ুৰ শিথিল তৰংগেৰে
এটা সপোন অকস্মাৎ আহি আশ্রয় ললে মোৰ হৃদয়ত
বিয়পি পৰিল দেহত দ্রুত তেজৰ প্রবাহ
থৌকি বাথৌ মন
গোলাপৰ সৰি পৰা ৰঙা পাহি
তুলি ললো হাতত এপাহি এপাহিকৈ