সপোনৰ হাঁহিৰ টুকুৰাবোৰ

এচেৰেঙা ৰ'দৰ মিঠা আমেজ
স্মৃতিৰ বৰপেৰাটিত
থোপ খাইিছিল লাহে লাহে

বহুদিন নিৰৱ আছিল স্মৃতিবোৰ
নিঃশব্দে মোৰ কল্পনাৰ ছবিত
মোৰ আত্মাত খামুচি

প্রাণত নতুনকৈ বলিছে
অহৰহ বতাহ
সজাগ হৈ উঠিছে মেঘ আকাশ
মুখত তৃপ্তিৰ হাঁহিলৈ


চৌদিশ পোহৰাই
উপঙি ফুৰিছিল  বতাহত

উজাই অহা সুৰটিয়ে
মন সমুদ্রত  ঢৌ তুলিছে

বাঁহীৰ গুণগুণনিয়ে
ঢৌ খেলালে অনুভৱবোৰত

মোৰ নিৰৱতা ভাঙি
নিঃশব্দে  মোৰ মনৰ চৌদিশে উৰিছে
এই সপোনৰ হাঁহিৰ টুকুৰাবোৰ