বহাগতকৈ, ফাগুণতকৈ, আহিনক ভাল পাঁও

দুষ্ট বতাহ জাকে হঠাতে আজি 
মনত পেলাই থৈ গ'ল
বহাগতকৈ, ফাগুণতকৈ, আহিনক ভাল পাঁও
আহিনৰ সোঁৱৰনীত ঝংকাৰিত হৃদয়
তামোল গছৰ চিৰলি পাতৰ মাজেদি দেখা 
নাচনি জোনটিয়ে মন মুহি নিলে
অতীতৰ স্মৃতিবোৰ মনলৈ আহিল
এটি অনুভব 
গধুৰ অবষাদ আৰু বিষন্নতাৰ
চিনাকি অচিনাকি 
চৰাই এটিয়ে মন আকাশত
উৰি উৰি আমনি কৰিলেহি
হেৰাই যোৱা অতীতক বিচাৰি
চৰাইটিৰ লগত উৰি যাবলৈ
তীব্র এটি হাবিয়াস অনুভৱ কৰিলো
খিৰিকিৰে চাই ৰলো
সন্ধিয়াৰ আকাশলৈ
পাতল কুৱলীৰ এটি আবৰনে
তামোল গছৰ পাতবোৰ
আবৰি ধৰিছে
লাহে লাহে জোনটো
ভাঁহি গৈ নেদেখা হ'ল 
বাহনি ডৰাৰ পিছ ফালে ।।