শান্ত
আছিলো মই মৃদু মলয়াৰ দৰে
মন উৰণীয়া কৰিলে মতলীয়া বতাহজাকে
বতাহত
কোনোবাই যেন ৰিঙিয়াই মাতে
সপোণত গীত
গাই আমনি
কৰে
হৃদয়ৰ
নিজৰাটিত গঢ়ি
উঠা আনন্দৰ স্মৃতি
ইয়েইনে প্ৰেমৰ অনুভূতি
বাৰিষাৰ
ঢ’ল যেন মনৰ
অবস্থিতি
শান্ত
আছিলো মই
মতলীয়া কৰিলে মোক উৰণীয়া
বতাহজাকে