মন উৰি যায় বৰদৈচিলা হৈ

প্রকৃতিৰ উতলা উন্মাদনাত
এক নুবুজা মায়াজালে বিস্তৃত কৰে 
এটি আনন্দৰ সঙ্গীত
সৃষ্টিৰ অপূৰ্ব জ্যোতিৰ আধাৰ
নৈ:শব্দ ধ্বনিত বিস্তৃত অপূৰ্ব সঙ্গীত
গতিময় জ্যোতিৰ বিশাল মুক্ত আকাশ
বিদ্যুৎ প্রবাহৰ চাঞ্চল্য
বিশাল মুক্ত আকাশ
মোৰ মুগ্ধ দৃষ্টিত
মৌনতা খহাই বজায় মধুময় সঙ্গীত
মন উৰি যায় বৰদৈচিলা হৈ
মহাশূন্যৰ বুকুভেদি