শুভ্ৰ জ্যোতিৰ স্থিৰ দৃষ্টি
উপচি পৰিব পোহৰ
এটি নৱতম ৰূপ
শেষ হ’ব কাল ৰাত্ৰি
ঢৌ উঠিব লুইতৰ বুকুত
বৈ যাব পানীৰ সুঁতত
থিৰ হৈ ৰওঁ আত্মাটি উৰি যায়
প্রতিধ্বনি হৈ উভতি আহে
সহস্র চকু
বুকুত জ্বলে সূৰুয
অব্যক্ত সুৰ
সন্ধিয়াৰ ৰঙা বেলিৰ
এটি কবিতাই
উক দিয়ে মনত
সৃষ্টিৰ নৱতম ৰূপ লৈ