অনুভৱৰ গুণগুণনি


মোৰ নিৰৱতা ভাঙি
অজ্ঞাতে উৰি আহে
নিবিৰ ক্ষণবোৰত
নিজান সন্ধিয়া
নিঃশব্দে সন্তৰ্পণে অজ্ঞাতে

বগাই ফুৰে
মোৰ আত্মাত
মোৰ কল্পনাৰ ছবিত
মোৰ আবেগত

নিঃশব্দে স্থান লয় অনুভৱবোৰে
কোবাল ঢৌৰ দৰে

অনুভৱৰ গুণগুণনিত
উপঙি আহি স্মৃতিবোৰে
থিতাপি লয়হি
এটি অশ্রু কণাত

 স্মৃতিৰ জুৰিৰ ধাৰা
নিঃসাৰে বগাই ফুৰে
ঢৌ খেলাই বাৰিষাৰ
কোবাল নদীৰ দৰে

বৈ আহে স্মৃতিবোৰ
মোৰ আত্মাৰ ভ’ৰালৰ পৰা
যন্ত্রনাৰ উমান পাই নিঃসাৰে