ৰাংধালি

অ' আই তই দেখোন নিমাত আজি
ৰাংধালি মনটি আজি তোৰ কি হ'ল
সকলোৱে মাতে তোক ৰচকি বুলি
আউল বাউল চুলি
চকুৰ কলা গুৰি
মুখতো নাই চুন মুকামৰ চিন
বহাগ আহিল আৰু গ'ল
ফাগুনৰ বলীয়া বতাহ
এতিয়াও ব'লা নাই
ক্ষণে ক্ষণে  ৰ' লাগি
চাই আছ বাটলৈ ঘনে ঘনে
বাৰে বাৰে কাৰ বাবে