মোৰ গীতৰ কিয় সহস্ৰ শ্ৰোতা

সহস্ৰ শ্ৰোতাৰ মই গীতিকাৰ
গীত ৰচো জনতাৰ
মোৰ গীত নিৰৱ ভাষাৰ
মই হ'লো সাধাৰণ গীতিকাৰ
নাজানো মোৰ গীতৰ কিয় সহস্ৰ শ্ৰোতা
নিঠৰুৱা বাটৰোৱা মই
আইৰে বুকুৰে নিশাৰ চিঞৰৰ প্ৰতিধ্বনি শুনো মই
গীত ৰচি ৰচি পাহৰিব বিচাৰো বুকু ভগা শব্দৰ হিয়াৰ কান্দোন
হিয়াৰ প্ৰেৰণা হয়তো পলাসৰে ৰং
যৌৱনতে হেৰুৱালো প্ৰথম প্ৰেমৰ সুবাস
সেয়ে মোৰ গীতৰ সুৰত নুফুটে প্ৰেমৰ কোনো স্পন্দন
ৰাতিপোৱাৰ এচেৰেঙা ৰ'দৰ সোনোৱালী আমেজ মোৰ গীতৰ ভাষা
বতাহত উপঙি থকা সুৰৰ মই অনুৰাগি
ভাটিয়ালী গীত গোৱা নাৱৰীয়া মোৰ লগৰীয়া
সোঁতৰ চেয়ে চেয়ে গাই যোৱা নাৱৰীয়াৰ গীতৰ সুৰ
হৈ পৰে মোৰ প্ৰাণৰ স্পন্দন
এই স্পন্দনৰ প্ৰভাবত
ঢৌৰ সৌন্দৰ্য্যত মোহিত মই
মই হ'লো সাধাৰণ গীতিকাৰ
গীত ৰচো জনতাৰ
নাজানো মোৰ গীতৰ
কিয় সহস্ৰ শ্ৰোতা