তুলুঙা নাৱৰ যাত্ৰী ময়

তুলুঙা নাৱৰ যাত্ৰী ময়
আচহোৱা বতাহজাকে জগাই
মনত খেলি মেলি ভাব
তুলুঙা নাও কঁপে ঘনে ঘনে
কাণ পাতি শুনো মই
এটি ছন্দৰ গতি
ৰিঙা ৰিঙা মন
ঠিকনা বিহীন ভাৱ
হেজাৰ সৰি পৰা পাত
পানীৰ চাকনৈয়াত পৰি
হেৰাই যায় নদীৰ তলিত
লুইতৰ ঢৌত উপঙি
গুচি যায় উটি ভাঁহি