এটি সোনালী ৰং বুকুত সাৱটি

দোকমোকালিতে বিভ্ৰমৰ ছায়া
গংগা চিলনিৰ কিৰিলি পৰা হাঁহি
সোৱনশিৰিৰ নীলা সপোনে আকিলেহি বুকুত এটি জুৰি
কামনাৰ বাসনা বোৱতি নৈ হৈ
জুৰিৰ লহৰত শোৱনশিৰিৰ বুকুত নিজকে দিলো সপি
নিৰলে নিজানে ভাহি দেখিলো আকাশৰ ইন্দ্ৰধনু
বুকুৰ বিষাদ কেনি জানো হেৰাল
এজাক বালিমাহী উৰি গ'ল গীত গাই দিগন্তৰ সীমা বিছাৰি
দূৰণীৰ পাহাৰৰ জুৰিটিৰ ৰূপালী অনুৰাগে
জৰাগ্ৰস্ত জীৱনৰ ওখোৰা মোখোৰা বাট মসৃণ কৰি
ভাৱনাৰ প্ৰদেশৰ দুৱাৰ মুকলি কৰিলে
বোৱতি  সুঁতিত প্ৰাণ এৰি দি
এটি সোনালী ৰং বুকুত সাৱটি
বতাহত ভাহি অহা ৰিনিকি ৰিনিকি গীতৰ সুৰত
মোৰ মনৰ নিজান বনত
সিঁচি দিলে হেজাৰ ৰঙীন ফুলৰ পাহী